তই হবি বৰ গৰু।”
গধূলি ন-গুণীয়া নতুন পথাৰে গৰু বান্ধি, ভৰি ধুৱাইধূপধূনা জ্বলাইন-বিচনীৰে বিচি জলপান খুওৱা হয়। মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈ, নতুন উলাৰেৰে হাল টানি, শস্য উৎপাদন কৰিবৰ কাৰণে সাজু হ’বলৈ গাে-পূজা কৰা হয়।দ্বিতীয়দিনাৰপৰা মানুহৰ বিহু । বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নৱাগত বছৰটো যাতে কোনাে বেমাৰ-বিঘিনি নােহােৱাকৈ, বিপদ-আপদ, বতাহ ধুমুহা আদিৰপৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত অৰি থােৱা হয়-
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ।
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।”
ব’হাগ বিহু ৰঙৰ বিহু, আনন্দৰ বিহু। সীমাহীন আনন্দৰ উলহ-মালহ, উখল-মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ-মুখৰ কৰি তােলে ৰঙালী বিহুৱে। বৰগছৰ তলত, মুকলি পথাৰত ঢােল পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তােলে বিপুল উলাহ। মন মতলীয়া হয় গা সাতখন আঠখন কৰি উঠে। বিহু গীতৰ খলকনি উঠে আকাশে-বতাহে, পর্বতে-কৰে। লুইতৰ বুকু উথলি উঠে বিহু গীতৰ সুৰে-সুৰে, তালে তালে, ছন্দে ছন্দে মন উৰৰ উৰাে; প্রকৃতি জগতৰ জীৱ-জন্তুৰ বুকুত উঠে সৃষ্টি কামনাৰ হিল্লোল। গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তােলে শস্য সম্ভৱা। অসমীয়া জাতিৰ প্ৰাণৰ সর্ব উচ্ছ্বাস, সর্ব অনুভূতি- উন্মুক্তভাৱে, উদ্দাম গতিৰে প্রবাহিত হয় এই ৰঙালী বিহুত। গাঁৱে-ভূঞে, নগৰে-চহৰে উৎসৱৰ ধূম উঠে। এই বিহুটো অসমীয়া জাতিৰ হাড়ে-হিমজুৱে প্ৰাণৰ ৰন্ধে ৰন্ধ্রে কেনেভাৱে বিজড়িত তাক তলৰ গীতাকিয়ে প্রমাণ কৰে ।
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতােকৈ চেনেহৰ মাকো;
তাতােকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।
বহাগ বিহ্ব আন এটা বিশেষত্ব হুঁচৰি গােৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনি দি ঢাল, পেপা, গগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লাগতে দহ ভকতক সংকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাবজাত ধর্ম তাকেই সোঁৱৰাই দিয়া হয়। সেয়েহে বিহু গীতত কৈছে
চততে চকৰী ব’হাগত বগৰী
জেঠতে আমন ধান;
গৰুৰ বিহুৰ দিনাধা শৰাই আগ বঢ়াবা